যোৱা ৫ ডিছেম্বৰ তাৰিখে মনৰ বহুদিনীয়া হেঁপাহ এটা পূৰণ হৈছিল। দীৰ্ঘদিনীয়া বিৰতিৰ পিছত প্ৰকৃতিৰ কোলাত সময় কটাবলৈ মই আৰু মোৰ স্বামী নয়ন উপস্থিত হৈছিলো মানস অভয়াৰণ্য ত। মানসৰ প্ৰৱেশপথৰে দুয়োফালে দেখিবলৈ পোৱা যায় আপোনমনে ঘূৰি ফুৰা ম’ৰা চৰাইৰ জাক। ভাগ্য সুপ্ৰসন্ন আছিল বাবে আমি গঁড়, হাতী, কেঁটেলা পহু, বন গাহৰি আৰু বাইচন দেখিবলৈ পালোঁ সেইদিনা। সন্মুখত চকুৰে নমনালৈকে অৰণ্য, মাথোঁ সেউজীয়া। মানসৰ সৌন্দৰ্য উপভোগ কৰিবৰ বাবে ঠিক কৰা জীপগাড়ী খনত চালক আৰু গাইড হিচাপে আমাৰ সৈতে আছিল অৱিনাশ বড়ো নামৰ যুৱক এজন। প্ৰায় নবছৰ ধৰি অভয়াৰণ্যৰ লগত জড়িত অবিনাশ স্থানীয় যুৱক। ল’ৰাজন বাকপটু, বিছক্ষণ আৰু মানসৰ অলি-গলি তেওঁৰ নখদৰ্পনত। নিয়মীয়াকৈ মানস অভয়াৰণ্য লৈ আহা দেশী-বিদেশী বহুকেইজন পৰ্যটক আৰু প্ৰকৃতিপ্ৰেমী লোকক তেওঁ মানসৰ চুকে-কোণে ঘূৰাই ফুৰা কথা ক’লে আৰু ফটোও দেখুৱালে। লগতে ক’লে চৰকাৰৰ অৱহেলাৰ কথাও। বাঘৰ বাবে বিখ্যাত মানস অভয়াৰণ্যক পৰ্যটকৰ প্ৰতি আৰু আকৰ্ষিত কৰিবলৈ চৰকাৰে কৰিব লগা কামবোৰৰ যি খতিয়ান তেওঁ দিলে সেয়া শুনি সঁচাকৈয়ে অভিভূত হ’লো। তেওঁ কোৱা এটা কথাই মোৰ মন চুই গ’ল। সেয়া হ’ল অবিনাশে কৈছে অভয়াৰণ্যৰ বিকাশৰ প্ৰতি কাম কৰাৰ বাহিৰেও যদি চৰকাৰে কাষৰ গাওঁ দুখনমানক ‘মডেল ভিলেজ’ হিচাপে গঢ়ি তোলে আৰু গাঁৱৰ মহিলা সকলক তাঁতশাল প্ৰদান কৰি বয়ন শিল্পৰ ব্যৱসায়িক দিশটোৰ প্ৰতি উৎসাহিত কৰি তোলে তেতিয়া পৰ্যটনৰ এক নতুন দিশৰ সূচনা হ’ব। কাষৰীয়া গাঁৱৰ মানুহখিনিয়ে তেওঁলোকৰ উৎপাদিত থলুৱা সামগ্ৰী বিক্ৰীৰ বাবে বজাৰ এখনো পাব। চৰকাৰৰ বন বিভাগ আৰু বিভাগীয় কৰ্তৃপক্ষই কথাটো পৰ্যালোচনা কৰি চাব বুলি আশা কৰিলোঁ।
(১১ ডিচেম্বৰ ২০২০ নিয়মীয়া বাৰ্তাত প্ৰকাশিত)